NEZINE's Podcast
জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ গীতৰ শৰাই, কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই । ফটো- ভাস্কৰ দেৱ কোৱঁৰ সংগীত- প্ৰভাত ৰাভা (বাঁহী), প্ৰসেনজিৎ বৰপূজাৰী (বেঞ্জো) A tribute to Music Legend Zubeen Garg by members of Jonak Cottonian Group comprising of 1984-86 batch of Cottonian. Concept and Script: Chittaranjan Ojah, Anchors: Dhrubajyoti Mahanta and Nabanita Bora. Photo: Bhaskar Dev Konwar Music: Prabhat Rabha (Flute), Prosenjit Borpujari (Benjo) অনুষ্ঠানটিত অংশগ্ৰহণ কৰা জোনাকৰ সদস্যসকল : চিত্তৰঞ্জন ওজা: গল্পকাৰ, নিবন্ধকাৰ নৱনীতা বৰা: অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক, ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটী মাণ্ডলিক কাৰ্যালয় ধ্ৰুৱজ্যোতি মহন্ত: স্থপতিবিদ, কবি ৰূপম মহন্ত: মুখ্য মহাপ্ৰবন্ধক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, মুম্বাই, কণ্ঠশিল্পী নিলয় দাস: কণ্ঠশিল্পী, কাৰিকৰী উপদেষ্টা, নুমলীগড় শোধানাগাৰ সৌমাৰ ৰাজখোৱা: সহযোগী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, প্ৰাগজ্যতিষ মহাবিদ্যালয় উৎপল বৰপূজাৰী: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সমালোচক উৎপল মেধি: অভিযন্তা, বয়লাৰ সমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়, গুৱাহাটী ড° পৰী হিলৈদাৰী: সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক, লেখক, সমালোচক ড° সঙ্গীতা কাকতি: বিশিষ্ট কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক ডা° কবিন টুমুঙ: উপ চিকিৎসা অধীক্ষক, ই এছ আই এছ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বেলতলা জয়ন্ত মান্তা: সহযোগী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কবি দীপাঞ্জলি গগৈ: মুৰব্বী, কেমিকেল ইঞ্জিনিয়াৰিঙ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰী , কণ্ঠশিল্পী ড° শ্বাশ্বতী চৌধুৰী: সমাজবিজ্ঞানী , গুৱাহাটী ত্ৰিদিব কলিতা: দিল্লী নিবাসী উদ্যোগী অভিযন্তা, এম্ ডি এফ্ এস্ ফৰ্মৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালক, কবি অনিল শইকীয়া: কণ্ঠশিল্পী, জ্যেষ্ঠ পশু চিকিৎসক, গুৱাহাটী প্ৰভাত ৰাভা: অধীক্ষক অভিযন্তা, শিৱসাগৰ, জলসম্পদ বিভাগ, অসম প্ৰসেনজিৎ বৰপূজাৰী: উপ মহাপ্ৰবন্ধক, ই আই এল, যোধপুৰ সুশান্ত তালুকদাৰ: সম্পাদক, নিজাইন Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast
66 afleveringen
Reacties
0Wees de eerste die een reactie plaatst
Meld je nu aan en word lid van de NEZINE's Podcast community!